Office Hours: Mon-Sat 10:00 AM - 6:00 PM

অসম সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩

Nov 25, 2023 1 min read culture

image

সৰভোগ পৌৰসভাৰ উদ্যোগত ২৩ আৰু ২৫ নবেম্বৰ ২০২৩ ইং তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অসম সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩ অনুষ্ঠানটি আয়োজন কৰা হয়৷ অনুষ্ঠানতিৰ শুভ উদ্বোধন কৰে বৰপেটা জিলাৰ অতিৰিক্ত আয়ুক্ত মহোদয়া শ্ৰীলখিমী দত্ত লগত থাকে সৰভোগ পৌৰসভাৰ সভানেত্ৰী মহোদয়া, উপ-সভাপতি মহোদয়, কাৰ্যবাহী বিষয়া, ৱাৰ্ড কমিচনাৰ সকল আৰু সাংস্কৃতিক মহাসংগ্ৰাম সমিতিৰ সভাপতি শ্ৰীৰুদ্ৰকান্ত দাস দেৱ। প্ৰথম দিনৰ কাৰ্যসূচীত কেইবাটাও দলীয় নৃত্য প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে । দ্বিতীয় দিনৰ কাৰ্যসূচীত জ্যোতি সংগীত, বিষ্ণুপ্ৰসাদ ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত আৰু ৰবীন্দ্ৰ সংগীত গোৱা প্ৰতিযোগীতা মূলক অনুষ্ঠানত স্থানীয় স্কুল- কলেজৰ ছাত্ৰীৰ অংশগ্ৰহনে অনুষ্ঠানটি সফল ৰূপায়ন কৰাত যথেষ্ট সহায় কৰে । লগতে সন্মানীয় বিচাৰক মণ্ডলী তথা বাদ্যযন্ত্ৰত থকা কলাকুশলীৰ সহিতে উপস্থিত সংগীত শ্ৰোতা ৰাইজক সৰভোগ পৌৰসভাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। এই চেগতে অসম সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩ ৰ পৌৰসভা পৰ্যায়ৰ অনুষ্ঠানটিত বিগত কেইবাদিনো ধৰি অতপ্ৰত ভাবে লাগি থকা বিষয়া-কৰ্মচাৰী সকলো লৈ ধন্যবাদ জনাইছোঁ ।

Share this post